আজি বাৰু সৰগত কম সভা বহিছেনে?

জ্যোতি প্রসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অর্চনা মহন্তও আছে বহি নিৰলে।

By Website Desk
September 26, 2025
আজি বাৰু সৰগত কম সভা বহিছেনে?
113 views
0 likes
1 min read
আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতি প্রসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা।
জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অর্চনা মহন্তও আছে বহি নিৰলে।
দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে।
ভিতালী বা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ।
অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্রীও।
ভগ্নী জংকীৰ চকু আজি চলচলীয়া! এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব! আছে আন বহুতো।
এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি-বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতি প্ৰসাদৰ? কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণুৰাভাই একপ্ৰকাৰৰ কাঢ়া নির্দেশেই দিলে জুবিনদাক। "আজি সভাত বেলেগ গীত নহ'ব,
কেৱল মায়াবিনী চলিব"। সৰৰ্গত এতিয়া মায়াবিনীৰ গুঞ্জন। কেৱল মায়াবিনি
কোনে কথা কেইটা লিখিছে নাজানো, কিন্তু বহু আবেগৰ বাক্য। গতিকে আগলৈ দিলোঁ।

Author: Pranjal Ray
Original Source : Facebook