জুবিন গাৰ্গে তিনিটা বছৰ বাস কৰা‌ তামুলপুৰৰ ঘৰটো।

জুবিন গাৰ্গে তিনিটা বছৰ বাস কৰা‌ তামুলপুৰৰ ঘৰটো।🌿🌿🌿( এগৰাকী তামুলপুৰীয়া হৈ অনুৰোধ কৰিছোঁ যাতে‌‌ ঘৰটো সংৰক্ষণ কৰে । আমি বৰ সুখী হ'ম।🙏🏻) তিনিটা বছৰে বাস কৰা এই আহল বহল চৰকাৰী ভৱনটোতে থাকি জুবিন গাৰ্গে মেট্ৰিক পাছ কৰিছিল।

By Website Desk
September 26, 2025
জুবিন গাৰ্গে তিনিটা বছৰ বাস কৰা‌ তামুলপুৰৰ ঘৰটো।
54 views
0 likes
1 min read
জুবিন গাৰ্গে তিনিটা বছৰ বাস কৰা‌ তামুলপুৰৰ ঘৰটো।🌿🌿🌿( এগৰাকী তামুলপুৰীয়া হৈ অনুৰোধ কৰিছোঁ যাতে‌‌ ঘৰটো সংৰক্ষণ কৰে । আমি বৰ সুখী হ'ম।🙏🏻)
তিনিটা বছৰে বাস কৰা এই আহল বহল চৰকাৰী ভৱনটোতে থাকি জুবিন গাৰ্গে মেট্ৰিক পাছ কৰিছিল। অষ্টমৰ পৰা দশম শ্ৰেণীলৈকে ইয়াতে থাকি পঢ়িছিল।তাতেই তেওঁ এযোৰা ময়ূৰ চৰাই ,হৰিণা আৰু বাঘো পুহিছিল। তেওঁ তেতিয়া গান গোৱা নাছিল। বিদ্যালয় সপ্তাহত‌ খুব সুন্দৰকৈ কবিতা আবৃত্তি কৰিছিল আৰু বিভিন্ন যুক্তি দি তৰ্ক প্ৰতিযোগিতা আদিত ভাগ লৈছিল। তাত তেওঁ হয় প্ৰথম,নহয় দ্বিতীয় স্থান পাইছিল। খুবেই তজবজীয়া আছিল।লাহে লাহে খোজ নাকাঢ়িছিল। এযোৰ ধুনীয়া ছশমা পিন্ধিছিল আৰু তেওঁৰ এখন খুব সুন্দৰ চাইকেল আছিল। তেতিয়াৰ তামুলপুৰ দৰে গাঁও সদৃশ এখন সৰু চহৰত তেওঁৰ দৰে চাইকেল কাৰোৱে নাছিল।মাকক ওচৰৰ পৰা লগ পাইছিলোঁ। তেখেত বৰ বিনয়ী ভদ্ৰ মহিলা আছিল।জংকি আৰু পানেই ( পামী , আমাৰ আগত ঘৰত মতা নামটো পানেই বুলি কৈছিল) তেনেই দুটি বৰ মৰম লগা পুতলা দৰে আছিল।জংকিৰ চকু দুটি অহৰ্নিশে হাহোঁ হাহোঁকৈ আছিল।
জুবিন গাৰ্গে তেওঁৰ লগত একেলগে পঢ়া বন্ধু -বান্ধৱীকেইজনীসকলৰ লগত এতিয়ালৈকে ভাল যোগাযোগ ৰাখিছিল। জুবিন গাৰ্গ হিচাপে বিখ্যাত হোৱাৰ পাছত তেওঁ তামুলপুৰলৈ কেবাবাৰো আহি সংগীতানুষ্ঠান কৰি গৈছে । কিন্তু কোনোদিনে পাৰিশ্ৰমিক লোৱা নাই। তামুলপুৰ ৰাইজে জুবিনক ঘৰৰ ল'ৰা বুলি ভাবে । একেলগে পঢ়া ৰজনী নামৰ খুব চোকা ল'ৰা এজনৰ অকাল মৃত্যু ঘটিছিল আৰু এই খবৰটোৱে জুবিনক গভীৰ দুখ দিছিল। তামুলপুৰলৈ আহিলেই তেওঁ ৰজনীহতঁৰ ঘৰলৈ গৈ মাকক -দেউতাক সেৱা জনাই আহিছিল।
জুবিনে বাস ঘৰটোক সংৰক্ষণ কৰাৰ বাবে তামুলপুৰ ৰাইজে মনে প্ৰাণে বিচাৰিছে।

Author : Anjali Deka Mazumdar
Source: Facebook